অসমত এন আৰ চিৰ সম্পূৰ্ণ খচৰাৰ পৰা বাদ পৰিল 40,07,708জন লোকৰ নাম | 30 জুলাইত প্ৰকাশ পাইছে এন আৰ চিৰ সম্পূৰ্ণ খচৰা | ভাৰতৰ মহাপঞ্জীয়ক আৰু এন আৰ চিৰ মুখ্যসমন্বয়ক প্ৰতীক হাজেলাই সংবাদ মেল যোগে আনুষ্ঠানিক ভাবে মুকলি কৰে এন আৰ চিৰ সম্পূৰ্ণ খচৰাখন | 3,29,91,383 জন লোকে আবেদন জনাইছিল NRC ত নাম অন্তৰ্ভুক্তিৰ বাবে | অৱশেষত বহু প্ৰতিক্ষিত এন আৰ চিৰ খচৰাত সোমাল 2,89, 83,677 লোকৰ নাম |
কেন্দ্ৰ ৰাজ্য চৰকাৰে এন আৰ চিত নাম নথকা সকলক অভয়দান দিছে যদিও আস্বস্ত হব পৰা নাই বহু লোক | আচলতে কি কাৰনত পূৰ্নাংগ খচৰাৰ পৰা নাম বাদ পৰিল সেই লৈ এতিয়া চিন্তিত হৈ পৰিছে তেওঁ লোক | অসমৰ হোজাই জিলাৰ হাজী জায়েজ উদ্দিন নামৰ এজন জেষ্ঠ লোকৰ পৰিয়ালৰ তিনি গৰাকী মহিলাৰ নাম অন্তভুক্ত নোহোৱাত এতিয়া চিন্তাত পৰিছে পৰিয়াল টো | মহিলাকেইগৰাকীৰ পিতৃগৃহৰ আন সদস্যৰ নাম ইতিমেধ্য খচৰাত প্ৰকাশ পাইছে | আনহাতে একেখন জিলাৰ এন আৰ চিত কৰ্মৰত এগৰাকী মহিলা চৰকাৰী বিষয়া আয়েশ্বা চৌধুৰীৰ নামো নাহিল খচৰাখনত | পুনৰ আবেদনৰ জৰিয়তে মূল এনআৰ চিত নাম সোমাব বুলি বিশ্বাস আয়শ্বাৰ |কিন্তু কমশিক্ষিত বা অজ্ঞলোকৰ মাজত বিৰাজ কৰিছে সন্দেহ | আনহাতে কেন্দ্ৰ ৰাজ্য চৰকাৰৰ আস্বাশত আস্বস্ত হব পৰা নাই বহু লোক | চৰকাৰে খচৰাত নাম নাথাকিলেও কাকো পুলিচি হাৰাশাস্তি বা ডিটেনচন কেম্পত পঠিওৱা নহয় বুলি আস্বাস দি আহিছে |
ইফালে খচৰাত নাম বাদ পৰাৰ তথ্য পোৱাৰ লগে লগে পুনৰ নথি পত্ৰ যুগুত কৰিবলৈ ততপৰতা আৰম্ভ কৰিছে সেইসকল লোকে | যি সকলৰ নাম বাদ পৰিছে তেওঁলোকে ওজৰ আপত্তি দাখিলৰ সময় নিশ্চয় পাব কিন্তু সেই প্ৰক্ৰিয়াতো যুজাসকলে সম্পূৰ্ণ ন্যায় পাব নে নাপায় সেয়া সম্পূৰ্ণ বিশ্বাসত লব পৰা নাই চৰকাৰক | যদিও এন আৰ চি উচ্চতম ন্যায়ালয়ৰ তদাৰকত চলি আছে গ্ৰাউণ্ডত কাম কৰি আছে আন লোকে | পূৰ্বেও বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে বহু দল সংগঠনে ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি হাৰাশাস্তিৰ অভিযোগ দিছে এন আৰ চি কৰ্তৃপক্ষক | সোমবাপে প্কাশ পোৱা খচৰাত আটাইতৰৈ গুৰুত্বপূৰ্ণ বিষয়টো হল একাংশ দল সংগঠনে পূৰ্বে কৰা অনুমান অনুসৰিয়েই 40 লাখৰ তথ্য মিলি গৈছে | ফলত এই ঘটনাই বহু প্ৰশ্নৰ উদ্ৰেক ঘটাইছে | 40 লাখৰ ভিতৰত মূল এন আৰ চিত কিমানৰ নাম সোমাব সেই লৈয়ো এতিয়া ৰাজ্যৰ জনসাধাৰনৰ মাজত আৰম্ভ লাভ কৰিছে তুমুল চৰ্চা | আৰু মূল এন আৰ চিৰ বাদ পৰা সকলোৰ ক্ষেত্ৰত কি হব সেয়া হৈ পৰিছে এতিয়াৰ সবাতোকৈ ডাঙৰ প্ৰশ্ন | যিটো প্ৰশ্নই এতিয়া আতন্কিত কৰি ৰাখিছে মূলত ধৰ্মীয় সংখ্যালঘুক | আনহাতে চুবুৰীয়া ৰাজ্যৰ অমুচলমানক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি বদ্ধ দেশৰ বিজেপি চৰকাৰ | এই দিশৰ পৰা কেৱল সংখ্যালঘুৰ মাজতেই এতিয়া বিৰাজ কৰিছে আতন্ক | আনহাতে ৰাজ্যত আইন শৃঙ্খলা টাতি বিঘ্নিক নহয় তাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যবস্হা কৰিছে চৰকাৰ প্ৰশাসনে |
Dilwar Hussain Mozumder is an Assam-based reporter.